তেজপুৰ মেডিকেল কলেজ হাস্পতালত COVID19 ত মৃত্যু হোৱা কমল কৃষ্ণ পালৰ মৃতদেহক লৈ এতিয়া সমস্যাত পৰিছে প্ৰশাসন। মৃতদেহ চমজি নলয় পৰিয়াল তথা আত্মীয় আৰু স্থানীয় লোকে।
জিলা প্ৰশাসনৰহৈ কাৰ্যবাহী দণ্ডাধীশ অন্তৰিপা দৈমাৰী উপস্থিত হৈছিল মৃত পালৰ নতুন পাৰাস্থিত গৃহত৷
বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকে মৃতদেহ সৎকাৰ কৰিব পাৰিব বুলি কাৰ্যবাহী দণ্ডাধীশে ঘোষণা কৰিছিল যদিও লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
চৰকাৰ-প্ৰশাসনৰ বাধা থকাৰ পিছতো এগৰাকী প্ৰশাসনিক বিষয়াই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰিয়াল তথা স্থানীয় বাসিন্দাসকলে৷
আনহাতে পৰিয়ালৰ মতে, প্ৰশাসনেই মৃত কমলকৃষ্ণ পালৰ অন্তিম সৎকাৰ কৰিব লাগিব বুলি দাবী জনায়৷
উল্লেখযোগ্য যে, মৃত পাল দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।
পত্নীৰ সৈতে উন্নত চিকিত্‍সাৰ বাবে মুম্বাইলৈ গৈছিল পাল।
কিন্তু মুম্বাইৰ পৰা অহাৰ পিছতে কমল কৃষ্ণ পাল আৰু তেওঁৰ পত্নী ভাৰতী পাল আক্ৰান্ত হয় ক’ৰোনা ভাইৰাছত।
পিছত দুয়োকে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে মৃত্যুক সাৱটি লয় কমলকৃষ্ণ পালে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here