আজি তেজপুৰৰ প্ৰথম জন ক’ৰোনা আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
ৰাজ্যত সৰ্বমুঠ মৃত্যুৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে৷
মৃত লোক জনৰ নাম কমল কৃষ্ণ পাল৷
পত্নীৰ সৈতে চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল তেওঁ৷
যোৱা ২৯ মে’ত তেজপুৰলৈ উভতি আহিছিল আৰু তেজপুৰ ড’ন বস্কো’ কোৱাৰেনটাইন চেন্টাৰত তেওঁলোক আছিল৷
যোৱা ১ মে’ত কমল কৃষ্ণ পালৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে৷
তাৰপিছত তেওঁ TMCH চিকিৎসাধীন অৱস্থাতে আজি ৬৭ বছৰীয়া ক’ৰোনা আক্ৰান্ত কমল কৃষ্ণ পালৰ মৃত্যু ঘটে৷
TMCH ত মৃত্যু হোৱা COVID19 জন কৰ্কট ৰোগী৷
মৃত্যু হোৱা ব্যক্তিজন তেজপুৰ নতুন পাৰাৰ৷
আনহাতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩ সহস্ৰাধিক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here