পি কে নিউজ,কয়াকুছি, আব্দুল জলিলৰ প্ৰতিবেদন,১১জুন ঃ- বৰপেটা জিলাৰ অতি অনুন্নত অঞ্চল ভৈৰাগুৰী ! এই অনুন্নত অঞ্চলতেই কেইবাজনো শিক্ষা প্ৰেমী যুৱকৰ তংপৰতাত গঢ় লৈ উঠিছে বি কে আঞ্চলিক জাতীয় বিদ্যালয় ! ২০০৫ চনত গঢ়লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব মুঠ ১৮ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় ! তাৰে ১ জনীয়ে ৮৬ ,৩৩ শতাংশ নন্বৰ লাভ কৰি বাগোদী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নন্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় !লগতে বিদ্যালয় খনৰ পৰা ২ জনে ষ্টাৰ নন্বৰ সহ মুঠ ৪ জনে প্ৰথম বিভাগ আৰু ১১জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত ১০০শতাংশ উত্তীৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে বিদ্যালয় খনৰ অধ্যক্ষ আনোৱাজৰ হুছেইনে ৷বিদ্যালয়ৰ চাৰিওফালে জলমগ্ন হৈ থকাৰ পিছতো বিদ্যালয় পৰিচালনা সমিতিয়ে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সন্বৰ্ধনা জনায় ৷ এই কাৰ্যত অভিভাৱক-অভিভাৱিকা সকলৰ লগতে অঞ্চল বাসীয়ে আদৰণি জনায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here