পি কে নিউজ,বাক্সা , ৰফিকুল ইছলামৰ প্ৰতিবেদন 

আজি সদৌ বিটিচি সংখ্যালঘু ছাএ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিয়ে ২০১২ আৰু ২০১৪ চনত বিটিএডিৰ অন্তৰ্গত গোঁসাইগাঁওত হোৱা গোষ্ঠীগত সংঘৰ্ষ অঞ্চল পৰিদৰ্শন কৰে ।এবিএমছুৰ গোসাইগাও জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ২০১২ আৰু ২০১৪ চনত বালাপাৰাত সংঘটিত গোষ্ঠী সংঘৰ্ষত নিহত ভুক্তভোগী পৰিয়ালৰ কাষত এবিএমছুৰ সভাপতি আশৰাফুল ইছলামৰ নেতৃত্বত এটা সজাতি দলে গোষ্ঠীগত সংঘৰ্ষ বলি হোৱা পৰিয়ালৰ পৰিস্থিতিৰ বুজ লয়।এবিএমছুৰ সভাপতিয়ে কয় যে বিটিচিৰ সংখ্যালঘু জাতিটোক ইমান দিনে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত যাতে সংখ্যালঘু ৰাইজক কোনো ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে সকিয়াই দিয়ে। সভাপতিৰ লগত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুচেইন আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া লগতে জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here