পি কে নিউজ,কাৰ্বি আংলং, বীৰেন গোৱালাৰ প্ৰতিবেদন 

বৰ্তমান সমাজ ব্যৱস্থাত ৰাগিয়াল দ্ৰব্যই একাংশ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ জীৱন ধংশ কৰি পেলাইছে ৷সেয়েহে অভিভাৱক সকল সছেষ্ট হোৱাৰ সময় সমাগত ৷ এই ভাস্য এগৰাকী মেধাৱী ছাত্ৰৰ ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত বকলীয়াঘাট ৰজাপথাৰৰ প্ৰত্যুশপল কাকতিয়ে আতাই কেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন লাভ কৰি এই মন্তব্য কৰে ৷ সোমবাৰে ৰজাপথাৰৰ অগ্ৰনি সামাজিক অনুষ্ঠান সমন্বই সংঘই সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হোৱা প্ৰত্যুশপলক সম্বৰ্ধনা জনাই তেওঁ ৰজাপথাৰৰ এক সম্পদ বুলি অভিহিত কৰে ৷ বিহুৱান আৰু তিৱা গামোচাৰে মেধা ছাত্ৰ গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে
এখনি সম্বৰ্ধনা পত্ৰও প্ৰদান কৰে সংঘই ৷ উল্লেখ্য , প্ৰত্যুশপলে অনাগত দিনত এগৰাকী চিকিৎসক হৈ সমাজ সেৱা কৰিব বুলি মন্তব্য কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here