পিকে নিউজ সেৱা,কাৰ্বি আংলং,,
বীৰেন গোৱালাৰ , ২২ জুন
কাৰ্বি আংলং জিলাৰ ফুলনিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ফুলনি অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক সোমবাৰে চেলাৱৰ তেৰন এল পি স্কুলৰ প্ৰাংগণত ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গতত থকা হাবে ক্ৰ গাঁওৰ উদীয়মান যুৱক তথা সমাজ সেৱক দৰছন ক্ৰ’ৰ নেতৃত্বত আৰু বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ফুলনি ৰেংবংহম সেৱা শ্ৰমৰ সহযোগত ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ কাৰ্বি মাফলা, অভিধান আৰু কলম দি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে । উক্ত সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্বি আংলং জিলাৰ বৌদ্ধিক প্ৰমুখ হলিৰাম বসুমতাৰী, বিশ্ব হিন্দু পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সহকাৰী সম্পাদক বন্ধুৰাম স্বৰ্গীয়াৰী, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ধনছিং তেৰন, প্ৰাক্তন MLA বিদ্যাছিং ইংলেং, বিশ্ব হিন্দু পৰিষদৰ ফলনি প্ৰখন্দৰ সভাপতি ৰাজেন টকবি আদিৰ লগতে অঞ্চলটোৰ বহুতো ৰাইজ উপস্থিত থাকে ।