পিকে নিউজ সেৱা,কয়াকুছি,আব্দল জলিল,

২৮ জুনঃ সমগ্ৰ দেশত কৰোনা মহামাৰীৰ বাবে লকডাউন চলি থকাৰ সময়তেই কেইবাদিন ধৰি ধাৰাষাৰ বৰষুণ হৈ আছে ।তেনে সময়ত সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ কাষেৰে বৈ যোৱা পহুমৰা নদীত ব্যাপক পৰিমাণে পানী বাঢ়ি যায় ।

ফলস্বৰূপে নদীখনৰ গাত লাগি থকা অঞ্চল কুৰিহা,ভৌকামাৰী,গুমিৰ পাথাৰ ,কয়াকুছি গাও ,কপাহৰটাৰীৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে।

সৰুক্ষেত্ৰী সমষ্টিৰ স্হানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নিজৰ গাওঁখন বৰ বেছি কৈ প্ৰভাবিত হোৱা পৰিলক্ষিত হৈছে । বহুতো ৰাস্তা ঘাট ক্ষতিগ্ৰস্ত হয়। লকডাউনৰ মাজত হোৱা বানপানীৰ ফলত ৰাইজৰ অৱস্থা  বৰ জুৰুলা হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here