পিকে নিউজ সেৱা,
মহিন আলি, মঙ্গলদৈ, ২জুলাই:- ৰাজ্য চৰকাৰে উদ্যোগ স্থাপনৰ বাবে বাধাহীন ভাৱে খিলঞ্জীয়াৰ ভূমি বাহিৰাগত ব্যৱসায়িক প্ৰতিষ্ঠানক অৰ্পন কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ এতিয়া সৰ্বত চৰ্চিত হৈছে। ইয়াৰ প্ৰতিবাদত এই সিদ্ধান্তৰ প্ৰতিলিপি দাহৰ কাৰ্যসূচী আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য জুৰি ৰূপায়ন কৰে।

ৰাজ্যৰ অইন প্ৰান্তৰ দৰে আন্তঃমঙলদৈ ছাত্ৰ সন্থাই দৰং জিলাৰ সদৰ মঙলদৈ চহৰত আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় লগতে ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে।সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচীটো প্ৰতিবাদ কাৰী সকলে সামাজিক দূৰত্ব অৱলম্বন কৰি পালন কৰে। কায্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ

ৰাজ্যিক কায্যনিৰ্বাহক সদস্য অৰূপ কলিতা , সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ভাঃ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ শিক্ষা সম্পাদক ভাস্কৰ জ্যোতি ডেকা, সাংগঠনিক সম্পাদক বেদব্ৰত শৰ্মাৰ লগতে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here