পিকে নিউজ সেৱা, কয়াকুছিৰ পৰা আব্দুল জলিলৰ প্ৰতিবেদন

সমগ্ৰ দেশত চলি থকা লকডাউনৰ সময়ত ৰাইজৰ নিদ্ৰা হৰণ কৰিলে বানপানীয়ে”
১১জলাই ২০ঃ উল্লেখযোগ্য যে কিছুদিন ধৰি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চল বানপানীৰ  কবলত পৰে  । বিভিন্ন দল সংগঠনে বানাক্ৰান্ত লোকক সামৰ্থ অনুযায়ী সাহায্যও প্ৰদান কৰে । চৰকাৰৰ ফালৰ পৰাও দুই দিনৰ বাবে চাউল আৰু পশু খাদ্য বিতৰণ কৰে।তেনে সময়ত পানী অলপ কমিবলৈ আৰম্ভ কৰাত মানুহে কিছু সকাহ পাইছিল যদিও পুনৰ কেইবাদিন ধৰি ধাৰাষাৰ বৰষুণ  আৰু ভুটান চৰকাৰে কুৰিশ্বু নদীৰ নদীবান্ধ এৰি দিয়াৰ ফলত চকুৰ পলকতে মানুহৰ ঘৰ দুৱাৰ পানীত ডুব যোৱা কৰিলক্ষিত হৈছে ৷  এতিয়া  ৰাইজৰ মাজত ভয় আৰু শংকাই বিৰাজ কৰিছে ।এনেই লকডাউনে মানুহৰ অবস্থা জুৰুলা কৰি তুলিছে তাৰে মাজত হোৱা বানপানীয়ে ৰাইজক বাৰুকৈ বিপদত পেলাইছে ।পুনৰ বহুত মানুহৰ ঘৰে ঘৰে পানী সোমোৱাৰ ফলত মনত আতংকই বিৰাজ কৰিছে।এনে সময়ত স্হানীয় বিধায়কৰ লগতে চৰকাৰী বিভাগে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হে বুজা যাব।উল্লেখযোগ্য যে স্বয়ং চক্ৰ বিষয়া নৱজিৎ পাঠকৰ নিজৰ গাড়ীখন পানী ডুব গৈ গাতত সুমাই পৰিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here