পিকে নিউজ সেৱা,জুৰীয়াৰ পৰা গিয়াছ উদ্দিন আহমেদৰ প্ৰতিবেদন

জুৰীয়াত বিজেপিৰ জনসম্পৰ্ক অভিযান।সমগ্ৰ বিশ্বজুৰিয়েই মহামাৰী কৰুণা ভাইৰাছে সৃষ্টি কৰিছে মহা আতংকৰ।চৰকাৰেও অব্যাহত ৰাখিছে লকডাউন।অৱশ্যে কোনো কোনো ঠাইত লকডাউন কিছু পৰিমানে শিথিল কৰা হৈছে যদিও আন কিছুমান ঠাইত আকৌ কঠোৰ হৈ পৰিছে প্ৰশাসন।কিছুমান ঠাইত আকৌ লকডাউন ভঙ্গ কৰাৰো অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।তেনে সময়তে  জুৰীয়া মণ্ডলৰ সভাপতি ব্ৰজেন কাকতি আৰু যুবনেতা নাজিৰ হুছেইনে ঘৰে ঘৰে গৈ ৰাইজক কৰোনাৰ ভয়াবহতা আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়। তেওঁলোকে এইদৰে কয় যে Covid19 ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা। তদুপৰি তেওঁলোকে জনসাধাৰণৰ মাজত  মাস্ক বিতৰণ কৰাও পৰিলক্ষিত হয়। জুৰীয়াৰ শিঙাৰী, মাহগুৰি আদি  গাঁৱত জনসম্পৰ্ক অভিযান চলায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here