পিকে নিউজ সেৱা,কাৰ্বি আংলংৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

16/07/2020

চাৰিখন গাঁৱত বিদ্যুত কীৰ্তনেৰে অন্ধকাৰত ৰাখি শতাধিক ছাত্ৰ – ছাত্ৰীক অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে হাওৰাঘাট বিদ্যুৎ সংমণ্ডলে 

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ লগতে বিভাগীয় কতৃপক্ষ তথা একাংশ কৰ্মচাৰীৰ কৰ্ম – কাণ্ডই হাওৰাঘাটৰ ৰাইজৰ চকু কপালত তুলিছে ।লকডাউনৰ ফলত দুখীয়া কৃষক ৰাইজক কোঙা কৰি পেলোৱাৰ সময়তে বিদ্যুৎ গ্ৰাহকক কোনো ধৰণৰ আগতীয়া জাননী জাৰি নকৰাকৈ বিদ্যুতৰ বিল অনুদান হৈ থকাৰ বাবে যোৱা মংগলবাৰে গৰখীয়া পুখুৰী , কচু পুখুৰী, ৰাজপুৰ গাওঁ আৰু কেন্দুগুৰিৰ দাস গাঁৱৰ বিদ্যুৎ গ্ৰাহকে বিদ্যুতৰ বিল আদায় নিদিয়াৰ অভিযোগত গাওঁকেইখনৰ বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰাত গাওঁকেইখন সম্পূৰ্ণ ৰূপে অন্ধকাৰত ডুব যোৱা পৰিলক্ষিত হৈছে ।

হাওৰাঘাট বিদ্যুৎ সংমণ্ডলৰ কৰ্তৃপক্ষই বিদ্যুৎ বিল নিদিয়াৰ দোহাই দি অমানৱীয় ভাবে বিপদৰ সময়ত গাঁৱত বিদ্যুত সেৱা কৰ্তন কৰি সম্পূৰ্ণ ৰূপে অন্ধকাৰাচ্ছন্ন কৰি তোলাটো নিন্দনীয় কাৰ্য বুলি অভিহিত কৰিছে সচেতন ৰাইজে । এই সন্দৰ্ভত চাৰিখন গাঁৱৰ সচেতন ৰাইজৰ লগতে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ সধাৰণ সম্পাদক জিন্টু হাজৰিকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই কাৰ্য্যক হাওৰাঘাট বিদ্যুৎ সংমণ্ডলৰ অবিবেচকী কাণ্ড বুলি অভিহিত কৰিছে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই । একাশং বিদ্যুৎ গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবেই নিয়মীয়াকৈ বিদ্যুতৰ বিল আদায় দি অহা বিদ্যুৎ গ্ৰাহকক চৰম অন্যায় ভাবে বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মোবাইলৰ সহায়ত অনলাইন শিক্ষা গ্ৰহণ আৰু অনলাইন এডমিশ্যন পূৰণৰ পৰা বঞ্চিত নকৰিবৰ বাবে হাওৰাঘাট বিদ্যুৎ সংমণ্ডলৰ কৰ্তৃপক্ষক কঠোৰ ভাষাৰে সকীয়নি দিয়ে ছাত্ৰ সংগঠনটোৱে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here