পিকে নিউজ সেৱা,বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খাঁনৰ নেতৃত্বত কংগ্ৰেছৰ সজাতী দলে বিলাসীপাৰা পুৱ সমষ্টিৰ বানাক্রান্ত অঞ্চল পৰিদৰ্শন ও সাহায্য প্ৰদান ।

-অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানৰ নেতৃত্বত কংগ্ৰেছৰ সজাতী দলে আজি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পুৱ সমষ্টিৰ অন্তৰ্গত মাসানেৰ আলগা, বাহিৰ ছুৱাপাতা আৰু হাতীপোতা গাঁও পঞ্চায়তৰ বানাক্রান্ত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খাঁনৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দাইয়ান হুছাইন, কংগ্ৰেছ নেতা তথা বিলাসীপাৰা পুৱ সমষ্টিৰ ২০২১ৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী আবু তাহেৰ মোঃ ছফিকুল হাচান (মিঠু), অসম ৰাজ্যিক NSUI ৰ সাধাৰণ সম্পাদক মোস্তফা জামান আদিৰ দুই শতাধিকৰ অধিক কংগ্ৰেছ কৰ্মীবৃন্দৰ সজাতী দলে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে আৰু বানাক্রান্ত পৰিয়ালৰ মাজত মাজত কিছু পৰিমাণে সাহায্য প্ৰদান কৰে।
