পিকে নিউজ সেৱা,বিলাসী পাৰা, ফৰিজ উদ্দিন আহমেদ ১৯ জুলাই ২০২০ চন

ধুবুৰী জিলাৰ বিলাসীপাৰা শালকোচা ৰোকাখাতা বন বিভাগৰ অধীনস্হ কাঠালদি ৩য় খণ্ড গাঁৱৰ আকবৰ আলীৰ গৃহত আজি দিনৰ ২ বজাত চকু নুফুটা অজগৰ সাপ এডাল ওলায়।

এনে প্ৰকাণ্ড অজগৰ সাপ ওলোৱাত কাঠালদি গাঁৱৰ ৰাইজৰ মাজত এক প্ৰকাৰ হুৱাদুৱাৰ সৃষ্টি হয়। পাছত ৰোকাখাতা বন বিভাগৰ ফৰেষ্টাৰক খবৰ দিয়ে ৰাইজে। এনে প্ৰকাণ্ড অজগৰ সাপ এডাল ওলোৱা খবৰ পাই খবৰ পাই ততালিকে ফৰেষ্টাৰ আতোৱাৰ ৰহমানৰ নেতৃত্বত বন কৰ্মীৰ সজাতী দল এটাই উক্ত গাঁৱত আহি উপস্থিত হৈ অজগৰ সাপ ডাল উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয় লৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here