পিকে নিউজ সেৱা,লক্ষীপুৰ,  আব্দুৰ ৰহিম মণ্ডল ১৯/০৭/২০

সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ক’ৰবাত যদি মথাউৰি চিঙি বিস্তৰ অঞ্চলৰ ঘৰ-বাৰী উটুৱাই নিছে, আন ক’ৰবাত আকৌ বানপানীত আবদ্ধ লোকসকল খাদ্য- খোৱাপানীৰ সংকটত ভুগিছে। ব্যতিক্ৰম নহয় গোৱালপাৰা পশ্চিম সমষ্টিও। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে যথেষ্ট চেষ্টা অব্যাহত ৰাখিলেও সেয়া এতিয়ালৈকে পৰ্যাপ্ত পৰিমানে হোৱা নাই। স্থানীয় বিধায়কসকলৰ ভূমিকাও তেনেই পুতৌজনক। বান বিধ্বস্ত গোৱালপাৰা পশ্চিম সমষ্টিৰ বিভিন্ন দূৰ্গম চৰাঞ্চলৰ বানাক্ৰান্ত ৰাইজে এতিয়ালৈকে মুখ দেখা নাই স্থানীয় বিধায়কজনৰ।

তেনে এক সময়তে শনিবাৰ দিনা গোৱালপাৰা জিলাৰ A.I.D.U.F. ৰ সমষ্টি সভাপতি চান আলী মিঞাৰ লগতে ভালে সংখ্যক দলীয় কৰ্মীকলৈ A.I.U.D.F. ৰ সজাতি দলে বান-বিধ্বস্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here