পিকে নিউজ সেৱা,
বিলাসীপাৰা,ফৰিজ উদ্দিন আহমেদ ২২/০৭/২০২০ চন 

 ২০২১চনত অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিশেষ কৰি নামনি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন সমষ্টিৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিত দিনক দিনে নতুন দল হিচাপে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ সদস্য সংখ্যা বাঢ়ি অহা দেখা গৈছে। সমষ্টি খনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা কৰ্মী বা ভোটাৰ ৰাইজে ধাৰাবাহিক ভাৱে RUC দলত কৰি আহিছে। ইতিমধ্যে সমষ্টিৰ খনৰ বিভিন্ন পৰ্য্যায়ৰ কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

আজি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাছেমীৰ নিৰ্দেশ মৰ্মে ধুবুৰী জিলা সমিতিৰ তত্বাবধানত ধুবুৰী জিলা অস্থায়ী কাৰ্যলয়ত এখন সভাত BTC (BTR)ৰ কোকৰাঝাৰ জিলা সমিতি গঠন কৰা হয়। উক্ত সমিতিত ছাইদুল ইছলাম সভাপতি, মাইনুদ্দিন মণ্ডলক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া কোকৰাঝাৰ জিলা সমিতি গঠন কৰা হয় আৰু সভাপতি, সাধাৰণ সম্পাদকক দায়িত্ব অৰ্পণ কৰা হয়। লগতে RUC ৰ ধুবুৰী জিলা সমিতিৰ তত্বাবধানত আৰু ২৬ বিলাসীপাৰা পশ্চিম সমষ্টিৰ RUC ৰ সভাপতি মফিয়াৰ হুছাইন চৌধুৰীৰ নেতৃত্বত বিলাসীপাৰা পশ্চিম সমষ্টিৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনামুই গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সমিতিৰ মিন্টু হকক সভাপতি আৰু মজিবুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া আঞ্চলিক সমিতি গঠন কৰা হয়। 

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here