পিকে নিউজ সেৱা,চাপৰৰ পৰা আতোৱাৰ ৰহমানৰ প্ৰতিবেদন 

৩০/০৭/২০২০

AIUDF দলৰ কেন্দ্ৰীয় উপ সভানেত্ৰী আৰু আনন্দনগৰ- বাঙালীপাৰা জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা বেগমে আগন্তুক পৱিত্ৰ ঈদ- উজ- জুহাৰ উপলক্ষে 27 বিলাসীপাৰা পূব সমষ্টিৰ ৰাইজ তথা সমূহ অসমবাসী ৰাইজলৈ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

নেত্ৰী গৰাকীয়ে এই ঈদৰ শুভেচ্ছাৰ জৰিয়তে ভাৰত তথা অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যাতে মিলাপ্ৰীতি, একতা আৰু ভাতৃত্ববোধ আদি ভাব গঢ়ি উঠাৰ কামনা কৰে।

বিশ্বজুৰি তথা অসমত কৰ’না সংকটৰ পৰিপেক্ষিতত ঈদ উদযাপনৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি চলাৰ বাবে ইছলামধৰ্মী ৰাইজক নেত্ৰী গৰাকীয়ে আহবান জনায়।
উল্লেখযোগ্য যে এই মহামাৰী কৰোনা ভাইৰাছৰ পৰা মুক্ত পোৱাৰ বাবে ঈদৰ নামাজ কোনো কবৰস্থান তথা ঈদ গা মৈদানত নপৰি, মজিদত সামাজিক দূৰত্ব বজাই ৰাখি চাৰিজন ব্যাক্তি তথা নিজ নিজ ঘৰতে নামাজ পঢ়াৰ আহবান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here