পিকে নিউজ সেৱা,কাৰ্বি আংলংৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

৩০/০৭/২০২০

 কাৰ্বি আংলংৰ হাওৰাঘাটত বাঘৰ আক্ৰমণত আহত এজন লোক 

 ঘটনাস্থলীত উপস্থিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি

 কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত যমুনা গাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হল এজন লোক । ৰাতিপুৱা প্ৰায় ১১- ৪৫ বজাত নিজৰ খেতি পথাৰলৈ যোৱাৰ সময়তে ৩৫ বছৰীয়া জীতেন খাখলাৰী নামৰ লোকজনক এটা বাঘে গুৰুতৰ ভাৱে আহত কৰে । হাওৰাঘাট অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় জীতেন খাখলাৰীক ।

বহু দিনৰ মূৰত যমুনা গাওঁ অঞ্চলত পুনৰ বাঘ ওলোৱা ঘটনাত তীব্ৰ আতংকই দেখা দিছে সমগ্ৰ অঞ্চলটোত । আনহাতে উক্ত বাঘ আক্ৰমণৰ ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ন-মাটি পৰিষদীঅ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইঙহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আতংকিত গঞা ৰাইজক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে জনপ্ৰতিনিধি গৰাকীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here