পিকে নিউজ সেৱা,বিলাসী পাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

৩০/০৭/২০২০

বিলাসী পাৰা পশ্চিম সমষ্টিৰ অগপৰ যুৱ নেতা মনোৱাৰ হুছেইনৰ বাসভৱনত পৱিত্ৰ ঈদ উপলক্ষে কৰ্মীৰ মাজত মত বিনিময় কৰে প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাই।

 বিলাসী পাৰা পুৱ সমষ্টিৰ অগপ দলৰ জেষ্ঠ নেতা প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা দেৱে আজি পৱিত্ৰ ঈদ উপলক্ষে বিলাসীপাৰা পশ্চিম সমষ্টিৰ অগপৰ যুৱ নেতা মনোৱাৰ হুছেইন চাহাবৰ বাসভৱনত দলীয় নেতা কৰ্মীৰ লগত মতবিনিময় কৰে আৰু আগন্তুক ঈদুল আজহা শান্তিৰে পালন কৰে তাৰ বাবে অনুৰোধ জনায়। প্ৰাক্তন বিধায়ক বৰুৱাই কয় যে ইছলাম মানে শান্তি। সকলোকে ঈদুল আজহা ৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে যুৱ নেতা মাননীয় মনোৱাৰ হুছেইনে প্ৰায় শতাধিক দলীয় নেতা কৰ্মীৰ মাজত এটাকৈ সাৰ্টৰ পিচ উপহাৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here