পিকে নিউজ সেৱা,কয়াকুছিৰ পৰা আব্দুল জলিলৰ প্ৰতিবেদন

৩০/০৭/২০২০

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কুৰিহা গাৱৰ ফৰহাদ মল্লিকৰ দুজন সন্তান আব্দুল আনছাৰী মল্লিক বয়স ৭ বছৰ আৰু ফাতেমা ইয়াছমিন বয়স ৪ বছৰৰ নিস্পাপ শিশু আবেলি ৪ বজাত ওচৰৰ মানুহে পানীত বুৰ যোৱা প্ৰত্যক্ষ কৰে ৷লগে লগে দুয়োজনকে উঠাই চিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশু দুজনক মৃত বুলি ঘোষণা কৰে ৷ফৰহাদ আৰু কদভানু বেগমৰ একমাত্ৰ সন্তান দুজন হেৰুৱাত পৰিয়ালৰ লগতে অঞ্চলবাসী শোকত ম্ৰিয়মাণ হৈ পৰে ৷কোনে বুজিব সাধাৰণ ৰাইজৰ দুখ ৷চৰকাৰ তথা প্ৰশাসনে জৱাব দিব পাৰিবনে ?অনাগত সময়ত এনেকুৱা নিস্পাপ শিশু আৰু কিমান হেৰুৱাব লাগিব ৷আজি প্ৰায় দুমাহ অতিবাহিত হল ভূটান চৰকাৰে কুৰিশ্বু নদীত সোৱশিৰি জলবিদ্যুত প্ৰকল্পৰ গহনা লৈ যেতিয়া তেতিয়াই পানী এৰি নামনি অসমৰ ৰাইজক বানপানীৰে ওপচাই জলাকলা খুৱাই আছে ৷ এই সমস্যাৰ সমাধান কেতিয়া হব এইটো ডাঙৰ প্ৰশ্ন ?এই মৃত্যুত কুৰিহা গাৱৰ গাওবুঢ়া ৰঞ্জিত বড়ো ,বৰপেটা জিলা আমছুৰ উপসভাপতি তোতা মিয়া ,কয়াকুছি মহাবিদ্যালয়ৰ অধ্যাপক ছাদেক আলী আহমেদৰ লগতে অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে কয়াকুছি প্ৰেছ এছোছিয়েশ্যনৰ তৰফৰ পৰা শোক প্ৰকাশ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here