পিকে নিউজ সেৱা,কলাইগাঁৱৰ পৰা চামাদুল হুছেইনৰ প্ৰতিবেদন

৩১/০৭/২০২০ কলাইগাঁৱত বন্যাৰ্তৰ কাষত ঠিয় দিলে উদীয়মান কণ্ঠ শিল্পী হিৰক চান নেতৃত্বাধীন উত্তৰ পশ্চিম দৰং শিল্পী সমাজ

অবিভক্ত দৰং জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষত ঠিয় দি সামাজিক দায়বদ্ধতাৰ নিৰ্দশন দাঙি ধৰি অহা কণ্ঠশিল্পী হিৰকচান নেতৃত্বাধীন উত্তৰ পশ্চিম দৰং শিল্পী সমাজে বুধবাৰে কলাইগাঁৱৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ায়।উল্লেখ্য যে নোৱানদী আৰু কুলশী নদীৰ বাঢ়নীপানীয়ে বৃহত্তৰ কলাইগাওঁ অঞ্চলত হাজাৰ হাজাৰ হেক্টৰ কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰাত কৃষক সকল দিশহাৰা হৈ পৰিছে। বানে সকলো সৰ্বশ্ৰান্ত কৰাত দাৰিদ্ৰ পৰিয়ালক সহায়ৰ বাবে কণ্ঠ শিল্পী হিৰক চান তথা উত্তৰ-পশ্চিম দৰং শিল্পী সমাজৰ উপদেষ্টা বাসৱ ডেকা আৰু সম্পাদক সমুদ্ৰ ডেকাৰ নেতৃত্বত শিল্পী কলা-কুশলী সকলে কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙাপথাৰ, ৰণথলী, বোক্ৰাঝাৰ প্ৰভৃতি গাঁৱৰ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে। মনকৰিবলগীয়া যে শিল্পী হিৰকচান ডেকাই বন্যাৰ্তৰ সহায়ৰ বাবে ফেচবুক লাইভৰ জৰিয়তে সংগ্ৰহ কৰা ৫০ হাজাৰ টকাৰে দাৰিদ্ৰতাৰ স’তে সহাৱস্থান কৰা বানপীড়িত পৰিয়ালক সহায় আগবঢ়াই বদান্যতাৰ পৰিচয় দাঙি ধৰিছে। উল্লেখ্য শিল্পী গৰাকীয়ে ইতিমধ্যে নিজা উদ্যোগত লকডাউনৰ সময়ছোৱাটো কেইবা শতাধিক লোকক খাদ্য সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়াইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here