পিকে নিউজ সেৱা,নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ প্ৰতিবেদন

৩১/০৭/২০২০ লখিমপুৰ জিলাৰ নাৰায়নপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলুগুৰি গাওঁ পঞ্চায়তৰ অধীনত আজি এঘাৰটাকৈ আচনিৰ আধাৰশিলা স্থাপন কৰা লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই দুটাকৈ পথৰ মিনি দলং শুভ উদ্বোধন কৰে । এই উদ্দেশ্যে আজি শিমলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শিখামনি বৰাৰ নেতৃত্বত পঞ্চায়ত সচিব ঘনকান্ত বনিয়াৰ সহযোগত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই এঘাৰটাকৈ আচনিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে সভানেত্ৰী আৰু আঞ্চলিক সদস্যা ঢচামচুমা বছুমতাৰীক নিৰ্দেশনা প্ৰেৰন কৰে । উল্লেখযোগ্য যে আজি পঞ্চায়তটোৰ অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত নাৰায়নপুৰৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকা , ধলপুৰ জিলা পৰিষদৰ সদস্যা দিপালী বনিয়া আৰু নাৰায়নপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ঈশ্বৰ প্ৰসন্ন হাজৰিকাই অংশগ্ৰহণ কৰি অনুস্থানটোৰ সৌস্থৱ বৃদ্ধি কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here