পি কে নিউজ সেৱা,কয়াকুছিৰ পৰা আব্দুল জলিলৰ প্ৰতিবেদন

ৰাজীৱ আহমেদ ৰ তত্বাৱধানত সহস্ৰাধিক লোকৰ এ আই ইউ ডি এফ দলত যোগদান

৬ আগষ্ট ঃ আজি বৰপেটা জিলাৰ AIUDF ৰ মুখ্য কাৰ্যালয়ত সহস্ৰাধিক লোকে কংগ্ৰেছ দলৰ পৰা আহি AIUDF দলত যোগদান কৰে। উল্লেখনীয় ভাৱে বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্রী , বাঘবৰ , জনীয়াৰ লগতে বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা AIUDF ৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে। সৰুক্ষেত্রী সমষ্টিৰ পৰা মিনাক্ষী ৰহমান ৰ তত্বাৱধানত শ শ লোকে যোগদান কৰে, বাঘৰ সমষ্টিৰ পৰা ৰাজিব আহমেদ ৰ তত্বাৱধানত শতাধিক লোকে যোগদান কৰে। যোগদান পৰ্বত উপস্থিত থাকে AIUDF দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, হাফিছ ৰফিকুল ইছলাম, আব্দুৰ ৰৌফ, আলী হুছেইন, ছামছ উদ্দিন , খন্দকাৰ মামুন ,কেন্দ্ৰীয় মহিলা মৰ্চাৰ প্ৰশাসনিক সম্পাদিকা মমতাজ জাহান ,মিনাক্ষী ৰহমানৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here