পিকে নিউজ অসম সেৱা,পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ প্ৰতিবেদন

০৮ আগষ্ট – ৰাম জন্মভূমি অযোধ্যালৈ বিশ্বহিন্দু পৰিষদৰ নেতৃত্বত কৰ সেৱক হিচাবে প্ৰেৰণ কৰা প্ৰতিনিধি সকলক মুগাচঙত অনুষ্ঠানিকভাবে সম্বৰ্দ্ধনা জনোৱা হয়।

জানিব পৰামতে 1990 চনৰ অক্টোবৰ মাহৰ 11 তাৰিখে তেতিয়াৰ অবিভক্ত কাৰ্বি আংলং জিলা আৰু বৰ্তমানৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বিশ্বহিন্দু পৰিষদৰ ডংকামোকাম শাখা ৰ নেতৃত্বত তৰাডুবি গাঁৱৰ পৰা ছাৰছিল কাঠাৰ, প্ৰয়াত সোমেশ্বৰ বৰা, প্ৰয়াত হৰিলাল শৰ্মা আৰু মুগাচং ৰ গনেশ প্ৰসাদ উপাধ্যায় দাহালক ৰাম জন্মভূমি অযোধ্যালৈ কৰ সেৱক হিচাবে শ্ৰমদান কৰিবলৈ পঠাইছিল। এই চাৰিজন প্ৰতিনিধিৰ মাজত ছাৰছিল কাঠাৰ আৰু গনেশ প্ৰসাদ উপাধ্যায় দাহাল দ্বযে বৰ্তমানেও জীয়াই আছে আৰু প্ৰয়াত হৰিলাল শৰ্মা আৰু প্ৰয়াত সোমেশ্বৰ বৰা দ্বযে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে।

বিবদামান ৰাম জন্মভূমি ত বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিমাৰ্ণ কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰাৰ পিছত 5 আগষ্টত উক্ত স্থানত ৰাম মন্দিৰৰ শিলান্যাস কৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। এই শিলান্যাস অনুষ্ঠান ৰ লগত সংগতি ৰাখি সুদীৰ্ঘ ত্ৰিশ বছৰৰ পিছত পশ্চিম কাৰ্বি আংলং জিলাৰ বিশ্বহিন্দু পৰিষদৰ ডংকামোকাম শাখা ৰ নেতৃত্বত অযোধ্যালৈ কৰ সেৱক হিচাবে শ্ৰমদান কৰিবলৈ পাহাৰীয়া জিলাখনৰ হৈ প্ৰতিনিধিত্ব কৰা বৰ্তমানেও জীৱিত থকা দুয়োগৰাকী ক্ৰমে ছাৰছিল কাঠাৰ আৰু গনেশ প্ৰসাদ উপাধ্যায় দাহালক সম্বৰ্দ্ধনা জনোৱা হয়। ইহলীলা সম্বৰণ কৰা প্ৰয়াত হৰিলাল শৰ্মা আৰু প্ৰয়াত সোমেশ্বৰ বৰাক শেষশ্ৰদ্ধা জনোৱা হয়।

এই সন্দৰ্ভত 5 আগষ্টত মুগাচং সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিযে মন্দিৰ প্ৰাঙ্গণত এখনি সভা অনুষ্ঠিত কৰিছিল। এই গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি শিৱলাল উপাধ্যায়ে। সভাত উপস্থিত থাকে কৰ সেৱক দ্বয ছাৰছিল কাঠাৰ আৰু গনেশ প্ৰসাদ উপাধ্যায় দাহাল, সমিতিৰে সম্পাদক গোপাল নিৰোলা, গাঁওবুঢা কুল প্ৰসাদ অধিকাৰী, বিশিষ্ট সাংবাদিক নাৰায়ণ বৰুৱা ,বিথুঙ আদৰ্শ মহিলা সমিতিৰ সম্পাদিকা ললিতা দেবী, দুৰ্গা দেৱী আৰু অম্বিকা দেবী নিৰোলা। বিশিষ্ট সমাজ সেৱক বিষ্ণু নিৰোলাই আতধৰা সভাৰ কাৰ্যসূচী অনুসৰি শিৱ মন্দিৰ ৰ শিৱ লিঙ্গত পুষ্পাঞ্জলী অৰ্পণ কৰে কৰ সেৱক দ্বয ছাৰছিল কাঠাৰ আৰু গনেশ প্ৰসাদ উপাধ্যায় দাহালে। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে কৰ সেৱক দ্বযে। তেওঁলোকক সহায় কৰে কেশব উপাধ্যায় আৰু ৰাণা কাফলে। সভাত কৰ সেৱক দ্বয ক্ৰমে ছাৰছিল কাঠাৰ আৰু গনেশ প্ৰসাদ উপাধ্যায় দাহালক মুগাচং সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতি আৰু বিথুঙ আদৰ্শ মহিলা সমিতিৰ ফালৰ পৰা “কৰ সেৱক” দ্বযক ঢাকা টুপী আৰু খদাৰে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি কৰ সেৱক দ্বযে কৰ সেৱক হিচাবে অযোধ্যাত শ্ৰমদান কৰিবলৈ যোৱাৰ তাতপৰ্য ব্যাখ্যা কৰে। ইয়াৰ পিছতে সমুহীয়াভাৱে বন্তি প্ৰজলন কৰা ৰ পিছতে নাৰায়ণ নিৰোলাই ভাষণ ৰাখে। ইয়াৰ পিছতে সংকীৰ্তন কৰা হয। এই সভাতে মৃত কৰ সেৱক দ্বয ক্ৰমে প্ৰয়াত হৰিলাল শৰ্মা আৰু প্ৰয়াত সোমেশ্বৰ বৰা দ্বযৰ মৃত্যু ত সভাই গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মা সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মৃতকৰ আৰু পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। সদৌ শেষত শলাগৰ শৰাই আগবঢ়ায় বিষ্ণু নিৰোলাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here