পি কে নিউজ অসম সেৱা, কলাইগাঁৱ, চামাদুল হুছেইন,৮ আগষ্ট 

ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা (৩৮) বৰ্তমান শয্যাগত।
চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত। দৰিদ্ৰতাই কোঙা কৰা এই সাংবাদিক জনে অৰ্থৰ অভাৱত নিয়মীয়াকৈ কৰিব পৰা নাই উন্নত চিকিৎসা।
দুটা সন্তানৰ পিতৃ ধনেশ্বৰ ৰাভাক, ৰাজ্যৰ বিভিন্ন দল সংগঠন, হৃদয়বান ব্যক্তি তথা অসম চৰকাৰৰ সহায়ৰ প্ৰয়োজন।
অধুনালুপ্ত ‘আজি, দৈনিক যুগশঙ্খ, প্ৰতিবেদন, নিউজ টাইম অসম, প্ৰতিদিন টাইম’ত সংবাদ সেৱা কৰি বৰ্তমান অসমীয়া খবৰ কাকতৰ ভেৰগাঁৱৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধনেশ্বৰ ৰাভা এতিয়া বৃক্কৰোগত আক্ৰান্ত। বিগত জানুৱাৰীত এই ৰোগ ধৰা পৰাৰ পিছৰে পৰা মুৰত সৰগ ভাগি পৰে।
কছাৰীতল নিবাসী মনপুৰ ৰাভা আৰু গোসাঁনী ৰাভাৰ চতুৰ্থ সন্তান ধনেশ্বৰ ৰাভাই পিতৃ – মাতৃ, পত্নী সুমিত্ৰা ৰাভা, দুই সন্তান বিবেক ৰাভা আৰু কমলোচনা ৰাভা ভৰণপোষণ দিয়াটোৱেই কঠিন হৈ পৰিছে। তাতে এনে এক জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ উৱাদিহ পোৱা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু দিশপুৰ পলি ক্লিনিকত চিকিৎসা লৈ থকা ধনেশ্বৰ ৰাভাক চিকিৎসকে সপ্তাহত দুবাৰকৈ ডায়েলেচিছ কৰিব কৈছে যদিও ধনৰ অভাৱত সেয়াও সময় মতেসম্ভৱ হৈ উঠা নাই। ৰাভাৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ মতে, প্ৰায় ১২/১৩ লাখ টকা প্ৰয়োজন।
কিন্তু দৰিদ্ৰ ৰাভাৰ বাবে ১২/১৩ লাখ টকা চিকিৎসাৰ বাবে ব্যয় কৰিব পৰাটো মুঠেও সম্ভৱ নহয়।
যাৰবাবে দিক বিদিক হেৰুৱাই পেলাইছে সাংবাদিক ধনেশ্বৰ ৰাভাই।
কোৱা হয় ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাভাৰ উন্নত চিকিৎসাৰ বাবে আহকচোন সকলোৱে অলপ অলপ নখ জোকাৰো।
সদাশয় ব্যক্তিয়ে সহায় কৰিব খুজিলে ভাৰতীয় ষ্টেট বেংক টংলা শাখা (আইএফএচচি – এচবিআইএন ০০০৭১১৮) ত থকা বেংক একাউন্ট ৩১২২২৯০৮৮০৫ অথবা ৯১০১২-৩৩৮৯৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here