পি কে নিউজ অসম সেৱা ,নাৰায়নপুৰ, গোপাল গোৱালা,৯ আগষ্ট

 বৰ্তমান সমাগত বিটিচি নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহা প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল সংগঠনে সাংগঠনিক স্থিতি সৱল কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই থকা সময়ত বৰ্হি:বিটিচিৰ পৰাও‍ বিপিএফ দলক উৎসাহিত কৰা পৰিলক্ষিত হয় । বিশেষকৈ বৰ্হি : বিটিচিৰ লখিমপুৰ জিলা বিপিএফ দলৰ সভাপতি ৰাজু দলেয়ে নিকটৱৰ্তী বিৰোধী দল ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে । সাংবাদিকৰ আগত জিলা সভাপতি দলেয়ে বৰ্তমান ইউ পি প্ৰথম এলৰ মুৰব্বী প্ৰমোদ বড়োয়ে অবড়ো সকলক সুৰক্ষা দিয়াৰ বিপৰীতে হাৰাশাস্তি কৰা বুলিহে উল্লেখ কৰিছে ।

আনহাতে বৰ্তমানেও সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ লগত আঞ্চলিক দল বিপিএফ দলৰ মিত্ৰতা অব্যাহত আছে । কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আগন্তুক বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ সভাপতি ৰঞ্জিত দাস আৰু সম্পাদক ফনি শৰ্মাই সগোপনে প্ৰমোদ বড়ো আৰু সাংসদ নৱ শৰনীয়াৰ আলোচনা কৰাত বিজেপি দলৰ বিষয়-ববীয়া দুগৰাকীক ক্ষুৰদ্বাৰ সমালোচনা কৰি বিজেপিয়ে কৰা দুমুখীয়া ৰাজনীতিত আগন্তুক ২০২১ চনৰ নিৰ্বাচনত বিটিচি অথবা বিটিচিৰ বাহিৰৰ সমষ্টি সমূহতো যোগ্য প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে ।
লগতে জিলা সভাপতি ৰাজু দলেয়ে বিটিচিৰ এলেকাত বিপিএফ দলৰ মুৰব্বী প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতহে শান্তি শৃংখলা ঘুৰি আহিব বুলি দাবী কৰি য’ত বড়ো-অবড়ো সকলৰ নিৰাপত্তা সুৰক্ষিত হব বুলি উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here