পি.কে. নিউজ অসম সেৱা ,পশ্চিম কাৰ্বি আংলঙ, নাৰায়ণ বৰুৱা ৯ আগষ্ট
সদ্যঘোষিত মেঘালয় উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি মেঘালয় ৰাজ্যখনৰ ভিতৰতে 427 (500) 85.4 শতাংশ নম্বৰ লাভ কৰি অষ্টম স্হান প্ৰাপ্ত চিলঙৰ গোৰ্খা পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ তথা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আপাৰ চিঙথঙ উন্নয়ন খণ্ডৰ মৈছলাডেঙ গাঁৱৰ নিবাসী নগেন কাৰ্কী আৰু ৰেখা সুযোগ্য পুত্ৰ গোৰ্খা গৌৰৱ প্ৰশান্ত কাৰ্কীয়ে ৰাজ্যখনৰ ভিতৰতে অষ্টম স্হান দখল কৰি বিদ্যালয়খনৰ লগতে চিঙথঙ অঞ্চলটোলৈও গৌৰৱ কঢ়িযাই আনিবলৈ সক্ষম হোৱা প্ৰশান্ত কাৰ্কীক লকডাউনৰ মাজতে তেওঁৰ ঘৰলৈ গৈ অসম নেপালী জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰী সম্বৰ্দ্ধনা জনাই। এই চেগতে অসম নেপালী সাহিত্য সভা পশ্চিম কাৰ্বি আংলং জিলা সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্হাৰ কাৰ্বি আংলং জিলা সমিতি, অসম গোৰ্খা সন্মিলন কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰীৰ যুটীয়া উদ্যোগত মৈছলাডেঙ গাঁৱলৈ গৈ কৃতী ছাত্ৰ প্ৰশান্ত কাৰ্কীৰ ককা তথা কাৰ্বি আংলং জিলা গঠনত আগভাগ লোৱা প্ৰয়াত উজিৰ ছিঙৰ বাসভৱনত এখনি সভা অনুষ্ঠিত কৰা হয।
সভাত সভাপতিত্ব কৰে “অনেসাস” ৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি লীলা উপাধ্যায়, “অগোস” ৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কৃষ্ণ শৰ্মা আৰু “আগচু” ৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি দীপক ভট্টৰায ত্ৰয়ে। সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰী, যুৱৰাজ ভট্টৰায, দীপক দাহাল, কৃষ্ণ শৰ্মা, ৰাজু ভট্টৰায আদি।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অনেসাস ৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ প্ৰধান সম্পাদক গনেশ ছেত্ৰী। সভাত মেধাবী কৃতী ছাত্ৰ প্ৰশান্ত কাৰ্কীক গোৰ্খা টুপী, খদা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই সভাতে সদ্যঘোষিত মেঘালয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি মেঘালয় ৰাজ্য খনৰ চিলঙৰ চেণ্ট এন্হনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্ট্ৰিঙচন সহ 85.5 শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দিপাঙ্কৰ ছেত্ৰীকো জাতীয় সংগঠন কেইটাৰ লগতে মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰী গোৰ্খা টুপী, খদা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।
তেওঁৰ পিতৃৰ নাম দুৰ্গা বাহাদুৰ ছেত্ৰী আৰু মাতৃৰ নাম টিকা মায়া ভট্টৰায।