পি কে নিউজ অসম সেৱা, বিলাসীপাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

৯ আগষ্ট- এফালে ‌কৰোনা মহামাৰীৰ আতংক‌ আনফালে লক ডাউনত‌ সামাজিক আৰ্থসামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ৰাজ্যবাসীয়ে এক প্ৰকাৰৰ জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ এনেকুৱা পৰিস্থিতিৰ মাজতে আকৌ বানপানীৰ সমস্যা। এইবাৰৰ বানপানীয়ে ৰাজ্যখনৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন চৰাঞ্চলৰ কৃষকৰ মাধমাৰ হোদাইছে। কৃষক সকলে কৰোনা মহামাৰী আতংক আৰু লক ডাউনৰ মাজতে সামাজিক দুৰত্ব বজাই ৰাখি মুৰৰ ঘাম মাটিত পেলাই খেতি পথাৰত কাম কৰি ধান, মৰাপাট খেতি কৰিছিল যদিও শেহতীয়াকৈ বানপানীয়ে বিস্তৃত ক্ষতি সাধন কৰে।

বৰ্তমান বানপানী কমিছে যদিও খেতি শস্য চপোৱাত খেতিয়ক সকলৰ মুৰত কপালত হাত দিব লগা হৈ পৰিছে। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কাঠালদি, মায়াৰ চৰ,নায়েৰ আলগা, বযজেৰআলগা,গুটিপাৰা,কাজাইকাটা,কাজাইকাটা ছুৱাপাতা,কলছাভাঙা, বাহিৰ ছুৱাপাতা,মাসানেৰ আলগা,হাতিপোতা আদি

অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি মৰাপাট খেতি প্ৰায় সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here