পি কে নিউজ অসম সেৱা ,বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

৯ আগষ্ট-  ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটি পাৰা পঞ্চম খণ্ড গাঁওৰ হবিবৰ ৰহমানৰ গৃহত  যোৱা নিশা এক অগ্নি কাণ্ডত  ঘৰবাৰী সা-সম্পত্তি কে ধৰি  যাবতীয় নথিপত্ৰ সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। উক্ত দুৰ্ভগীয়া পৰিয়ালৰ গৃহত আজি বিলাসীপাৰা পশ্চিম সমষ্টিৰ  অগপৰ যুৱ নেতা মনোৱাৰ হুছাইন চাহাবে উপস্থিত হৈ অগ্নি কাণ্ডৰ পৰিস্থিতিৰ বুজ লয় আৰু পৰিয়ালটোৰ মাজত লুঙি আৰু শাৰী কাপোৰ বিতৰণ কৰে।

যুৱ নেতা মনোৱাৰ হুছাইনৰ প্ৰশংসনীয় পদক্ষেপ ৰাইজে প্ৰসংশা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here