পি কে নিউজ অসম সেৱা,বিলাসী পাৰা, ফৰিজ উদ্দিন আহমেদ 

১0 আগষ্ট-সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যক আব্দুল মালিকৰ বিৰুদ্ধে ইতিমধ্যে হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে জেহাদি আখ্যা দিয়াত সমগ্ৰ অসমৰ দ’ল সংগঠনৰ লগতে অসমবাসীয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। তেনে সময়তে দক্ষিণ শালমাৰা সমষ্টিৰ মাটি ফাটাত ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ উদ্যোগত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কৰে। বিজেপি চৰকাৰ মুৰ্ধাবাদ, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ,বেক, মোদী চৰকাৰ গ,বেক, সৰ্বানন্দ সোণোৱাল ই,বেক, হিমন্ত বিশ্ব শৰ্মা গ,বেক আদি ধ্বনিৰে আকাশ পাতাল উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়ক শিলাদিত্য দেৱক অহা ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সকিয়াই দিয়ে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সম্পাদক নুৰুল ইছলামে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here