পি কে নিউজ অসম সেৱা, কলাইগাঁৱৰ পৰা চামাদুল হুছেইনৰ প্ৰতিবেদন

১০ আগষ্ট- ওদালগুৰি জিলাৰ কলাইগাঁৱত বিজেপিৰ হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত‍্য দেৱৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰে ৰাজপথ। প্ৰথিতযশা সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক শিলাদিত‍্য‌ই। সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিজুল হক, সহকাৰী সম্পাদক আব্দুল চামাদ, কলাইগাওঁ আঞ্চলিক সমিতিৰ সভাপতি নজৰুল ইছলাম, কাৰ্যকৰী সভাপতি মিৰাজুল আলম আৰু সাধাৰণ সম্পাদক ইনজামামুল হকৰ নেতৃত্বতজাঙুৰ খাই উঠা শতাধিক কৰ্মীয়ে ৰাজপথত বিধায়ক গৰাকীৰ বিৰুদ্ধে নানা শ্লোগান দি গ্ৰেপ্তাৰৰ দাবী জনায়।

বহুবল্কী বিধায়ক গৰাকীয়ে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী দাল ঠানবান কৰিবলৈ সঘনাই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উত্থাপণ কৰিছে। সংগঠনটোৱে বিধায়ক গৰাকীক বিটিচিত প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে প্ৰতিখন আৰক্ষী থানাত গোচৰ ৰুজু কৰিব বুলিও জানিবলৈ দিয়ে। সঘনাই সাম্প্ৰদায়িক মন্তব্য কৰি বাতৰিৰ শিৰোনামা দখল কৰা শাসকীয় দলৰ বিধায়ক গৰাকীক শীঘ্ৰে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগঠনটোৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here