পিকে নিউজ অসম সেৱা,কাৰ্বি আংলংৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

১৪ আগষ্ট- পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ এচাম যুৱকৰ অনন্য প্ৰয়াসত ১৫ আগষ্টত মুক্তি লাভ কৰিব এখন চুটি ছবিয়ে। ইতিমধ্যে সকলোবোৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে।

বকলীয়াঘাটৰ Assam Swag Boys Team ৰ উদ্যোগত প্ৰভাত দাৰফাঙৰ পৰিচালনাত আৰু ৰাজ পালৰ প্ৰযোজনাত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি হৈছে ইউটিউবত। মলূত: দেশ জাতিৰ স্বাভিমানৰ প্ৰতিক জাতীয় পতাকাৰ ওপৰত আধাৰিত ছবিখনক লৈ আশাবাদী প্ৰযোজক ৰাজ পাল। ইতিমধ্যে Assam Swag Boys Team ৰ বেনাৰত মুক্তি লাভ কৰা কেইবাখনো চুটি ছবি আৰু কভাৰ ভিডিঅ’ই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰো দেশৰ স্বাধীনতা দিৱসৰ

লগত সংগতি ৰাখি সুখ-দুখ, হাঁহি-কান্দোনৰ লগতে প্ৰমূল্যবোধেৰে পৰিপূৰ্ণ এখনি সুন্দৰ চুটি ছবি “ৰাষ্ট্ৰীয় পতাকাৰ মূল্য” ১৫ আগষ্টত শুভ মুক্তি লাভ কৰাৰ খবৰে অনুৰাগীসকলক যথেষ্ট উৎসাহিত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here