পিকে নিউজ অসম,চাপৰৰ পৰা আতোৱাৰ ৰহমানৰ প্ৰতিবেদন

বিলাসীপাৰা পুৱ সমষ্টিৰ শতাধিক কংগ্ৰেছ কৰ্মী দল ত্যাগ কৰি 
আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদ সদস্যা ৰৌসনাৰা বেগমৰ নেতৃত্বত এ আই ইউ ডি এফত যোগদান।
 আগন্তুক ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে ধুবুৰী জিলা ৰ বিলাসীপাৰা পুৱ সমষ্টিৰ এ আই ইউ ডি এফৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উঠিছে দল ত্যাগৰ জোৱাৰ। আজি আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদ সদস্যাৰ বাসগৃহত এ আই ইউ ডি এফৰ বিভিন্ন পৰ্য্যায় কমিটিৰ কৰ্ম কৰ্তা সকলৰ উপস্থিতিত আয়োজিত এক সভাত জিলা পৰিষদ সদস্যা তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশিত ৰৌসনাৰা বেগমৰ নেতৃত্বত  শতাধিক কংগ্ৰেছ কৰ্মী দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে এ আই ইউ ডি এফ দলে যোগদান কৰে।
কংগ্ৰেছ দলৰ নীতি আদৰ্শ প্ৰতি ক্ষুব্ধ হৈ এ আই ইউ ডি এফ দলৰ নীতি আদৰ্শক ভাল পাই শতাধিক পুৰুষ মহিলাই কংগ্ৰেছ ত্যাগ কৰি জিলা পৰিষদ সদস্যা ৰৌসনাৰা বেগমৰ নেতৃত্বত আনুষ্ঠানিক ভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে। আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পুৱ সমষ্টিত এ আই ইউ ডি এফৰ কেইবা জন প্ৰাৰ্থিত্ব প্ৰত্যাশিত আছে যদিও দলে ৰৌসনাৰা বেগমক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰে তেন্তে বিপুল ভোটত জয়যুক্ত হ’ব বিলাসীপাৰা পুৱ সমষ্টিৰ চুকে কোনে ভোটাৰ ৰাইজৰ মাজত  কুচকাৱাজ চলি থকা পৰিলক্ষিত হৈছে। এই কথাও সত্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদ
 সদস্যা হিচাপে ৰৌসনাৰা বেগমক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছিল। দলৰ হাইকামাণ্ডে কাক টিকট প্ৰদান কৰে সেয়া সময়তহে লক্ষ্যনীয় হ’ব।
বাইট- এ আই ইউ ডি এফৰ বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পলান চন্দ্ৰ সুত্রধৰ দেৱৰ।
২/আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদ সদস্যা ৰৌসনাৰা বেগমৰ। আৰু নতুন কৈ এ আই ইউ ডি এফ দলত যোগদান কৰা ৰাইজৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here