পিকে নিউজ অসম,ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ প্ৰতিবেদন
ওদালগুৰি জিলাৰ ধনশ্ৰী সমষ্টিত আজি বিভিন্ন অঞ্চলত বি পি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।
নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৭০ নং মাজবাট সমষ্টিৰ বিধায়ক চৰেণ বড়োৰ লগতে বি পি এফ দলৰ প্ৰাৰ্থী ফ্ৰেছ মোছাহাৰীয়ে। সমগত বি টি চি পৰিষদীয় নিৰ্বাচন।এই নিৰ্বাচনী বতৰত এতিয়া বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।এইবাৰ ধনশিৰি সমষ্টিৰ বিভিন্ন অঞ্চলত বি পি এফ দলৰ প্ৰাৰ্থী শ্ৰী ফ্ৰেছ মোছাহাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বি পি এফ দলৰ পৰা টিকট বঞ্চিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী শ্ৰী মিথাৰাম বসুমতাৰীক বিভিন্ন কথাৰে থকা সৰকা কৰে। তেখেতে মন্তব্য কৰে যে মিথাৰাম বসুমতাৰীক ধনশ্ৰী সমষ্টিৰ ৰাইজে আকুৱালি নলয় কাৰণ মিথাৰাম বসুমতাৰী এজন দল বাগৰা প্ৰাৰ্থী। লগতে বি পি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰেণ বড়োয়ে মন্তব্য কৰে যে চতুৰ্থ বাৰৰ বাবে বি টি চিত বি পি এফ দলে চৰকাৰ গঠন কৰিব।
কাৰণ ইউ পি পি এল দলে নিৰ্বাচনৰ আগতে বি টি চি বাসী ৰাইজক বিভিন্ন মিছা প্ৰলোভন দিছে। এতিয়া বি টি চি বাসী ৰাইজ সজাগ হৈছে। গতিকে বি টি চিত পুনৰ বি পি এফ দলৰ চৰকাৰ হোৱাটো ৰাইজে বিচাৰে।