পিকে নিউজ অসম,কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

কাৰ্বি আংলং জিলাৰ লাংহিন নগৰৰ পৰা প্ৰায় এক কিলোমিটাৰ পশ্চিমত স্বৰগাঠিগাঁৱত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন প্ৰকাণ্ড ট্ৰাক দুৰ্ঘটনাত পতিত হয় । স্থানীয় প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি গুৱাহাটীৰ পৰা ইম্ফল অভিমুখী NL 01 AC 8083 নম্বৰৰ তীব্ৰ গতিৰে আহি থকা এখন ট্ৰাক বিপৰীত দিশৰ পৰা আহি থকা ভি আই পি জাতীয় বাহন ছাইদ দিবলৈ গৈ ৰাষ্টাৰ কাষত থকা প্ৰকাণ্ড গছত ট্ৰাক খনে খুন্দা মৰাৰ ফলত ঘটনাটো সংঘটিত হয় ।অন্যহাতে পথৰ কাষত গছ থকাৰ বাবেই কাষৰ দ খাৱৈত ট্ৰাক খন নপৰিল বুলি মন্তব্য কৰে প্ৰত্যক্ষ দৰ্শী সকলে । ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাক চালক আৰু হেণ্ডিমেন জনৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here