পিকে নিউজ অসম,কাৰ্বি আংলংৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

 কাৰ্বি আংলঙৰ মাঞ্জাত প্ৰায় ৫ কোটি মূল্যৰ অধিক মূল্যৰ ড্ৰাগছ জব্দ , কাৰ্বি আংলঙৰ মাঞ্জাত আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৫ কোটিৰ অধিক মূল্যৰ মাৰাত্মক ড্ৰাগছ । আৰু বৃহস্পতিবাৰে পুৱাৰ ভাগত মাঞ্জাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া নাকা তালাচীৰ সময়ত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী NL 07 A 8201 নম্বৰৰ এখন খালি ট্ৰাকৰ চালকৰ পিছফালে এটা বস্তাত লুকুৱাই অনা অবস্হাত আৰক্ষীয়ে জব্দ কৰে বৃহত পৰিমাণৰ মাৰাত্মক ড্ৰাগছখিনি । ইতিমধ্যে ট্ৰাক খনৰ দ্ৰাইভাৰ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী থানাত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাই এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে ।

অন্যহাতে এই সন্দৰ্ভত মাঞ্জা থানাত ২৯/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here