পিকে নিউজ অসম,কলাইগাঁৱৰ পৰা চামাদুল হুছেইনৰ প্ৰতিবেদন

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দেউলগুৰিত ইউপিপিএলৰ নিৰ্বাচনী সভা।
 সভাত উপস্থিত থাকে কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বীনা গয়াৰী ।

 ওদালগুৰি জিলাৰ পশ্চিম কলাইগাঁৱৰ অন্তগৰ্ত দেউলগুৰিত ইউপিপিএল দলৰ এখন নিৰ্বাচনী সভা অনুস্থিত হয়। উক্ত সভা খনত উপস্থিত থাকি কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বীনা গয়াৰীয়ে কয় ইউপিপিএলৰ চৰকাৰ হলে মহিলা সকলৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হব । তেওঁ কয় এখন ঘৰ উন্নতি কৰিব লাগিলে প্ৰথমতে মহিলা গৰাকীয়ে নিজকে উন্নত কৰাব লাগিব । সচেতন হব লাগিব।

তেতিয়াহে ঘৰখনৰ উন্নতি হব আৰু ঘৰখনৰ উন্নতি হলে হে সমাজৰ উন্নতি হব । সেয়েহে মুদৈবড়ি পৰিষদীয় সমষ্টিতো UPPL দলৰ প্ৰাৰ্থী এন্টনী বসুমতাৰীক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনাই । সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় ইউপিপিএল দলে পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন পাবলৈ সক্ষম হব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here