পিকে নিউজ অসম,বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

চাপৰ ফলিমাৰী কলোবাৰী চৰকাৰী ১১২বিঘা ভূমি ব্যক্তিগত N.G.O নামত আৱন্টনক লৈ ক্ষুব্ধ ৰাইজ- ৰাইজৰ সহযোগত কৃষক মুক্তিৰ প্ৰতিবাদ ।

 ধুবুৰী জিলাৰ চাপৰ ফলিমাৰীত যুগ যুগ ধৰি বসবাস কৰি থকা ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰাৰ পৰিৱৰ্তে ব্যক্তিগত N,G,Oৰ নামত ১১২বিঘা ভূমি আৱন্টনক লৈ ক্ষুব্ধ চাপৰ ফলিমাৰী কলোবাৰী ৰাইজৰ লগতে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ৰাইজৰ অভিযোগ অনুসৰি N.G.O ৰ নামত আৱন্টন বিচাৰি চাপৰ ৰাজহ চক্র বিষয়াৰ জৰিয়তে প্ৰস্তাৱ প্ৰেৰণ কৰি চাপৰ ফলিমাৰী (কলোবাৰী) গাঁৱৰ ১১২ বিঘা চৰকাৰী মাটি নিজৰ কব্জাত লোৱাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতায়। ইতিমধ্যে উক্ত মাটি খিনি লোৰ জালেৰে বাউণ্ডাৰী দি ডাইৰি ফাৰ্ম খুলি গোহালি ঘৰ সাজি কেইটামান গাই গৰু কিনি পোহ পাল দি থকা পৰিলক্ষিত হৈছে।

দীৰ্ঘ দিন বা অৰ্থাৎ প্ৰায় ৪০-৫০ বছৰ ধৰি বসবাস কৰি থকা ভূমিহীন মানুহক বিভিন্ন সময়ত দিয়া হৈছে উচ্ছেদৰ ভাবুকি।

N.G.O ৰ পৰিৱৰ্তে ভূমিহীনক ভূমি প্ৰদানৰ দাবীত যোৱা কালি বিয়লি প্ৰায় চাৰি বজাত ভুক্রভোগী পৰিয়ালৰ লগতে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহি উক্ত ঠাইত বিভিন্ন শ্ল গানেৰে আকাশ পাতাল উত্তাল কৰি তোলে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here