পিকে নিউজ অসম,কোকৰাঝাৰ,কিশোৰ মিশ্রা, ৬ ছেপ্টেম্বৰ ২০২০:সম্প্ৰতি বিটিচিত চলি থকা ৰাজ্যপাল শাসন সমাপ্ত হোৱাৰ পূৰ্বেই বিটিচিৰ পৰিষদীন নিৰ্বাচন ঘোষনা হোৱাৰ সম্ভনাৰ প্ৰতি লক্ষ্য কৰি বিজেপিৰ লগতে বিৰোধী দল ইউ পি পি এল আৰু গন সুৰক্ষা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা বিটিচিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ওৰফে চম্পকই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।

ফকিৰাগ্রাম সমষ্টিৰ অন্তর্গত ফকিৰাগ্রাম ৰামকৃষ্ণমিশন পাৰাত আজি এটি সভা অনুষ্ঠিত হয় ৷বিজেপি দলৰ মণ্ডল সভাপতি মনোজ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত প্ৰাৰ্থী অৰূপ কুমাৰ দেই কয় যে বিগত তিনিটা কাৰ্যকাল বিটিচিত বিপিএফ দলে শাসন চলাইছিল যদিও ফকিৰাগ্রাম সমষ্টিটো সকলো দিশতে পিছপৰি আছে ৷ কিন্তু এইবাৰ কোনো দলৰ কোনো চেষ্টা কাম নকৰে ৷ কাৰন ৰাইজে বুজি পাইছে যে ফকিৰাগ্রাম এলেকাটোৰ উন্নয়ন হবলৈ হলে সমষ্টিৰ পৰা বিজেপিৰ দলৰ প্ৰতিনিধি থকাটো অতি প্ৰয়োজন ৷ যাৰবাবে এইবাৰ সমষ্টিটোৰ সকলো সমস্প্ৰদায়ৰ ৰাইজে বিজেপিক প্ৰথম শাৰিত ৰাখিছে ৷ অৰ্থাৎ সমাগত নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থী অৰূপ কুমাৰ দেই ৷ তেও কয় যে এইবাৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি পৰিষদীয় সমষ্টিৰ পৰা জিতাৰ পাছতেই সৰ্বপ্ৰথমে সমষ্টিৰটোৰ পাট-পথৰ উন্নয়নৰ লগতে বিশুদ্ধ খোৱা পানীৰ আৰু চিকৎসালয়ৰ ব্যবস্থা কৰিব ৷ তাৰ পাছত ৰাইজৰ সৈতে মত বিনিময় কৰি সমষ্টিৰ সৰ্বাঙ্গীণ উন্নয়নত মনযোগ দিব ৷আজিৰ সভাত বিজেপি দলৰ মণ্ডল সভাপতি মনোজ কুমাৰ ৰায় , ৰাজ্যিক সদস্য প্ৰদীপ তিৱাৰী ,সুমিৰ চৌধুৰী , লগতে বিজেপিৰৰ নেতা-কৰ্মীৰ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্য যে অৰূপ কুমাৰ দেই আজি সমষ্টিটোৰ কেবা ঠাইত অনুষ্ঠিত সভাত অংশ গ্ৰহন কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here