বিলাসীপাৰা পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

৭/০৯/২০২০- শেহতীয়া দীৰ্ঘ দিনীয়া লক ডাউনত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ৰাইজক গোৰ অন্ধকাৰত নমাই অনা পৰিলক্ষিত হৈছে। তেনে সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত কাজাইকাটা ৩য় খণ্ড গাঁওৰ শাৰীৰিক ভাৱে অক্ষম গিয়াছ উদ্দিনে দীৰ্ঘ দিনীয়া লক ডাউনৰ ফলত আৰ্থিক সংকটত ভুগিব লগা হৈ পৰিছে। শাৰীৰিক অক্ষমতা গিয়াছ উদ্দিনৰ আৰ্থিক অৱস্থাৰ চিন্তা কৰি কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্ম কৰ্তা সকলে সাহায্য আগবাঢ়ি অহা দেখা গৈছে। ইতিমধ্যে বিলাসীপাৰা কাঠালদি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিজুল ইছলাম, সাধাৰণ সম্পাদক ৰাকিবুল ইছলামৰ নেতৃত্বত কৰ্ম কৰ্তা সকলে শাৰিৰীক অক্ষম গিয়াছ উদ্দিনৰ ঘৰত উপস্থিত হৈ খাদ্য সামগ্ৰীক সাহায্য প্ৰদান কৰে আৰু ছাত্ৰ মুক্তিয়ে অক্ষম গিয়াছ উদ্দিনক স্হানীয় সাংসদ মৌলনা বদৰুদ্দিল আজমলৰ ওচৰত ই ৰিক্সা দিয়াৰ বাবে বিলাসীপাৰা কাঠালদি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনায়। ছাত্ৰ মুক্তিৰ কৰ্ম কৰ্তা সকলৰ মহানুৱতা বা প্ৰশংশনিয় পদক্ষেপক ৰাইজে প্ৰসংশা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here