পিকে নিউজ অসম, নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ প্ৰতিবেদন 

৭/০৯/২০২০- মাধৱদেৱ বিশ্ববিদ্যালয়ত মহামাৰী কৰোনাৰ কোৱাৰেন্টন চেন্টাৰ দিয়া প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টীৰ নাৰায়নপুৰ নগৰ মণ্ডলৰ যুৱ মৰ্ছাৰ উদ্যোগত নিচেই কাষতে থকা পানবাৰী পঞ্চায়তৰ টেঙাপঠাৰ গাঁৱৰ প্ৰতিঘৰ পৰিয়ালতে কৰোনা মহামাৰী নিৰ্মুলৰ উদ্দেশ্যে ছেনিট্ৰাৰাইজ কৰে । নগৰ যুৱ সভাপতি দীপাংকৰ হাজৰিকাৰ তত্বাৱধানত প্ৰায় ২৪০ ঘৰ পৰিয়ালৰ ঘৰত ছেনিট্ৰাৰাইজ কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ বিহপুৰীয়া সমষ্টিৰ যুৱমৰ্ছাৰ সভাপতি পীজুষ বৰুৱাই । অঞ্চলটোৰ শতাধিক যুৱকৰ সহযোগত এনে প্ৰচেষ্টা হাতত লোৱাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক ৰাইজে ভূশয়ী প্ৰশংসা কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here