পিকে নিউজ অসম,চাপৰৰ পৰা আতোৱাৰ ৰহমানৰ প্ৰতিবেদন

৭/০৯/২০২০- আজি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ টিলাপাৰা, সোনামূখী, ধীৰঘাট আৰু চিৰাকুটা আদি আঞ্চলত সংগ্ৰামী নেতা অখিল গগৈৰ মুক্তিৰ বাবে প্ৰচাৰ প্ৰত্তিকাৰ জৰিয়তে অসমবাসী ৰাইজক উদ্দেশ্য কৰি কয় যে -তেওঁৰ অপৰাধ হল- নাগৰিকত্ব ( সংশোধনী) আইন  2019 বা ‘কা” ৰ বিৰুদ্ধে সংগ্ৰামত অংশগ্ৰহণ কৰা।জাতিধবংসী “কা”ৰ বিৰুদ্ধে আমি সকলো অসমীয়াই মাত মাতিছিলো। গঢ়ি তুলিছিলো ঐতিহাসিক গণ বিদ্ৰোহ।কা”ৰ জৰিয়তে বাংলাদেশৰ পৰা লাখ লাখ বিদেশী আহিব বুলি আমি সকলো শংকিত।আমাৰ জাতীয় জীৱনত বহিৰাগত আৰু বিদেশীৰ দপদপনি আমি নিবিচাৰো।সেইবাবে অসমত এনে কোনো দেশপ্ৰেমিক অসমীয়া নাই, যি কা’ ৰ বিৰুদ্ধে এবাৰলৈ হলেও নিজা ধৰণে প্ৰতিবাদ কৰা নাই।তেন্তে কেৱল জননেতা অখিল গগৈৰ ওপৰতে এইশাস্তি কিয় ?তেওঁক কিয় ইমান দিন জেলত বন্দী কৰি থোৱা হৈছে ? তেওঁক মুক্তি দিয়া হোৱা নাই কিয় ?

এনে অৱস্থাত আজি ধুবুৰী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসী ৰাইজক অখিল গগৈৰ মুক্তিৰ বাবে মাত মাতিবলৈ বিনম্ৰভাৱে অনুৰোধ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here