পিকে নিউজ অসম,কাৰ্বি আংলংৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীৰ পুনৰ এক সাফল্য। এক অভিযানত খটখটী আৰক্ষীয়ে জব্দ কৰে ৪০০ কেজি গাঞ্জা৷ খটখটীৰ বিনোদ ছাৰ্ভিচিং চেণ্টাৰত ৰখাই থোৱা অৱস্থাত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে গাঞ্জা খিনি। বোকাজানৰ খটখটি, লাহৰীজান আদি অঞ্চল সমুহত বিগত কিছু দিনৰ পৰা ড্রাগছ, গাঞ্জা আদি নিচা জাতীয় সামগ্রী সৰবৰাহৰ কেন্দ্র হৈ পৰিছে।। আৰক্ষী গৈ পোৱাৰ আগতেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চালক হেণ্ডিমেনৰ বিৰুদ্ধে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, গাঞ্জাখিনিৰ বজাৰমূল্য প্ৰায় ৩০ লক্ষাধিক টকাৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here