পিকে নিউজ অসম,কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

৭/০৯/২০২০-  কাৰ্বি আংলং জিলাৰ লাংহিন পৌৰ সভাৰ তত্বাৱধানত সোমবাৰে পুৱাৰ ভাগত লাংহিন পৌৰ সভাৰ ৩ নং ওয়াৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ দুটা আবাস গৃহৰ আধাৰশিলা স্থাপন কৰে ১৮ নং বিধান সভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক জয়ৰাম ইংলেঙে ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চল, অসম ৰ সৌজন্যত দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণ শুভাৰম্ভণি কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে লাংহিন পৌৰসভাৰ ৩ নং ওয়াৰ্ড তথা পামগাওৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শান্তনু বৰাৰ নামত আবন্টিত ঘৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । লগতে গগন বৰাৰ নামত আবন্টিত আন এটা আবাস গৃহৰ আধাৰশিলা স্থাপন কৰে লাংহিন ভিডিছিৰ অধ্যক্ষ খনছাই বসুমতাৰীয়ে ।আধাৰশিলা স্থাপন অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ আত ধৰে লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্মই । আনহাতে অনুষ্ঠানটোত ৩নং ওয়াৰ্ডৰ কমিছনাৰ দেৱেশ্বৰ হাজৰিকাৰ প্ৰমুখ্যে কেইবাগৰাকীও ওয়াৰ্ড কমিছনাৰ, জিলা নগৰ উন্নয়ন পৰিকল্পনা বিভাগৰ উপ-সঞ্চালকৰ প্ৰমুখ্যে কৰ্মচাৰীবৃন্দ, বিজেপিৰ লাংহিন মণ্ডলৰ সভাপতি চুনীল বড়ো আৰু বিজেপিৰ কৰ্মকৰ্তা আৰু লাংহিন পৌৰসভাৰ সমূহ কৰ্মচাৰী সকল উপস্থিত থাকে ।

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ১৮ নং হাওৰাঘাট সমষ্টিৰ লাংহিন পৌৰসভাৰ অধীনত ৬০০ গৰাকী দুখীয়া লোকে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক জয়ৰাম ইংলেঙে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here