পিকে নিউজ অসম,কাৰ্বি আংলংৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ প্ৰতিবেদন

৭/০৯/২০২০-কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টাৰাবাছাত দেওবাৰে ফুলনি মহিলা মণ্ডল কংগ্ৰেছ কমিটীৰ এখনি যুটীয়া বৰ্দ্ধিত সভা হয় । উক্ত সভাত সভাপতিত্ব কৰে ফুলনি মহিলা মণ্ডল কংগ্ৰেছ দলৰ সভানেত্ৰী চৰমীলা টকবি’পিয়ে ।

উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং জিলাৰ মহিলা মণ্ডল কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ৰীনা বে’পী , কাৰ্বি আংলং জিলাৰ মহিলা মণ্ডল কংগ্ৰেছ কমিটীৰ উপ-সভানেত্ৰী কানাম ইংতিপী , কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জীৱ টেৰণ , কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ সম্পাদক মংৱে ৰংপি , হাওৰাঘাট ব্লক কংগ্ৰেছৰ সভাপতি জিৰহন হাঞ্চেৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

আনহাতে উক্ত সভাতে ১০ জন বিজেপি কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here