পিকে নিউজ অসম,নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ প্ৰতিবেদন 

৭/০৯/২০২০-ক্ৰমাৎ সাধাৰণ নিৰ্বাচনৰ সময় চাপি অহা প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ইটোৰ দলৰ পৰা সিটো দললৈ ঢাপলি মেলিছে । তাৰেই এক উদাহৰণ আজি ১০৯ নং বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বৰবিল অঞ্চলৰ বহু ভোটাৰ থকা ঠাইত । অৰ্ধশতাধিক কৈ কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলৰ লগতে সদস্য-সদস্যাই কংগ্ৰেছ দল তথা প্ৰাক্তন বিধায়ক ভুপেন কুমাৰ বৰাৰ প্ৰতি অতিষ্ট হৈ বিজেপি দলত যোগদান কৰে । উল্লেখ যে দীৰ্ঘ দিনৰ পৰা পিছপৰা বিহপুৰীয়া সমষ্টিত ৰাইজৰ সুখ- দুখৰ খবৰ লোৱা বিজেপি দলৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা আব্দুল জলিল আহমেদৰ উপস্থিতিত কেইবাশতাধিক লোকৰ মাজত এখনি দলীয় সভা অনুস্থিত হয় ।

উক্ত সভাত আগন্তুক নিৰ্বাচনৰ বাবে কৰ্মী সকলৰ উদ্দেশ্য আৰু দায়িত্ব সম্পৰ্কে বিজেপি কায্যকৰ্তা আব্দুল জলিল আহমেদে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা লগতে মহামাৰী কৰোনাৰ পৰা বাচিব পৰাকৈ সৃষ্টি হোৱা দুহেজাৰ মাস্ক ৰাইজৰ মাজত বিতৰণ কৰে । কব লাগিব যে যিমানেই নিৰ্বাচনৰ দিন চাপি আহিছে সিমানেই বিজেপি কাৰ্যকৰ্তাৰ জৰিয়তে বিজে কৰ্মীৰ সংখ্যা বৃদ্ধি পাইছে ,এই লৈ বিৰোধী দলৰ উপৰিও শাসকীয় চৰকাৰৰ মাজত চৰ্চিত হোৱাত একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশিয়ে চিন্তিত হৈ পৰিছে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here