পিকে নিউজ অসম,মঙ্গলদৈ,মহিন আলী ৮ছেপ্তেম্বৰ ২০২০- মঙ্গলদৈত ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, দৰঙে উদযাপন কৰিলে ৯৪ সংখ্যক জন্মদিন। মঙ্গলদৈ চহৰৰ মাজেদি বৈ যোৱা বেগা নদীৰ পাৰত অবস্থিত “ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি”ত সুধাকন্ঠৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, মঙ্গলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি “ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি”ৰ বিষয়ববীয়া সকলে এখনি গীতো পৰিবেশন কৰে। আৰু একোখনকৈ গছপুলিও ৰূপায়ণ কৰে” ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি” ৰ সভাপতি তথা মঙ্গলদৈ সমষ্টি বিধায়ক গুৰুজ্যোতি দাস আৰু সমিতিখনৰ কেইগৰাকী বিষয়ববীয়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here