পিকে নিউজ অসম,কোকৰাঝাৰ,কিশোৰ মিশ্রা,কোকৰাঝাৰ ৮ ছেপ্টেম্বৰ ২০২০- কোকৰাঝাৰ জিলাৰ দুৰামাৰী হাইস্কুল খেলপথাৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ নৱগঠিত দুৰামাৰী আঞ্চলিকৰ অন্তৰ্গত ১২খন শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান,সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

এবিএমছুৰ সংগঠনটিৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলাম,সাধাৰণ সম্পাদক টাইছন হুছেইন,উপ সভাপতি আলী আজম সেখ,সহঃ সম্পাদক মাইনুদ্দিন আলী,জিলা সভাপতি,সম্পাদক ক্ৰমে নজৰুল ইছলাম আৰু ছলেবৰ আলী সভাত উপস্থিতি থাকি মূল্যৱান ভাষন প্ৰদান কৰে ।

নৱগঠিত কোকৰাঝাৰ জিলাৰ দুৰামাৰী আঞ্চলিকৰ অন্তৰ্গত ১২খন শাখা সমিতিৰ ৫০০ তকৈ অধিক আন আন পদৱী সকলক জিলা সভাপতি নজৰুল ইছলামই শপত বাক্য পাঠ কৰাই। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here