পিকে নিউজ অসম,কয়াকুছি, আব্দুল জলিল,৮ চেপ্তেম্বৰ- সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিস্থিত চিপিআইএমৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে ৷চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ আহ্বানত লোৱা অনশন ধৰ্মঘট কৰাৰ দাবীসমুহ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ বাবে বান্ধি দিয়া বাধ্যতামূলক আধাৰ কাৰ্ডৰ নিয়ম বাতিল কৰা , নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা , এম জি এন ৰেগাৰ অধীনত সকলো শ্ৰমিকক ২০০ দিন কাম দিয়া আৰু ৬০০ টকাকৈ মজুৰি দিয়াৰ ব্যৱস্থা কৰা আদি দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷অনশন কাৰ্যসুচীত উপস্থিত থাকে চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম, জয়নাল আবেদিন, কলিম উদ্দিনকে আদি কৰি বহুকেইজন সমৰ্থকে অংশ লয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here