পিকে নিউজ অসম,কয়াকুছিৰ পৰা আব্দুল জলিলৰ প্ৰতিবেদন

১৮ চেপ্তেম্বৰ- ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ দিন চাপি আহি আছে ৷ সিমানে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুজ কাৱাজ তীব্ৰ হৈ অহা পৰিলক্ষিত হৈছে ৷

২০২১ চনৰ নিৰ্বাচন উপলক্ষে এ আই ইউ ডি এফ দলে অসমৰ বিভিন্ন সমষ্টিৰ লগতে আজি সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিত এখন কৰ্মী সভা অনুষঠিত কৰে ৷সভাত সভাপতিত্ব কৰে এ আই ইউ ডি এফৰ সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ সভাপতি আলেপ খান ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমষ্টি কমিটিৰ সম্পাদক আয়ুব আলীয়ে ৷সভাত উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী ,সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলি হুছেইন, ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবৰ ৰহমান, যুৱ নেত্ৰী মিনাক্ষী ৰহমান , কেন্দ্ৰীয় মহিলা মৰ্চাৰ সম্পাদিকা মমতাজ জাহানকে আদি কৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা নেতৃসকল উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here